Local, Vocal, Global

Guwahati Accident: মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু

নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু।

ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশাৰ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ।মাজনিশা প্ৰায় ১:৪০বজাত মহানগৰীৰ লালমাটিত তীব্ৰ বেগী AS01 AY 9101নম্বৰৰ এখন চুইফট বাহনে মহটিয়াই নিয়ে স্কুটীত থকা ঘগ্ৰাপাৰ আৰক্ষী বিষয়া বিৰিঞ্চি দাসক। ফলত, নিমিষতে পূৰ্ণ বিচূৰ্ণ হৈ পৰে স্কুটীখন।

আনহাতে, স্কুটী খনত খুন্দা মাৰি চুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে চুইফট বাহনখন।দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুইফট বাহনখনৰ চালকজনে। ঘটনা সংঘটিত হোৱা দেখা পায় আৰক্ষী বিষয়া গৰাকীক স্থানীয় লোকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে বিষয়া গৰাকীক মৃত ঘোষণা কৰে(Guwahati Accident)।

উল্লেখ্য যে, ১৮দিনৰ পূৰ্বে মৃত আৰক্ষী বিষয়া গৰাকীৰ মাতৃৰ মৃত্যু হোৱাত এমাহৰ বাবে ছুটীত আছিল বৰ্তমানৰ ঘগ্ৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি দাস। মাতৃৰ শোক মাৰ নৌযাওঁতেই লালমাটিৰ আৰক্ষী কোৱাৰ্টাৰত থকা পত্নী-পুত্ৰৰ ওচৰলৈ নিশা আহি থকা অৱস্থাতে হঠাৎ এনেদৰে কৰুণ মৃত্যুক সাৱটি লয় আৰক্ষী বিষয়া গৰাকীয়ে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতে প্ৰচণ্ড জোৰে চুইফট বাহনখনে জোৰেৰে খুন্দা মাৰে স্কুটীত থকা বিৰিঞ্চি দাসৰ স্কুটীত। ফলত, চিটিকি পৰে বিষয়া গৰাকী। প্ৰাপ্ত খবৰৰ মতে নগাঁৱত ঘৰ আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ। বৰ্তমান এই ঘটনাৰ পিছতেই বিষয়া গৰাকীৰ ঘৰখনত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ। মাতৃ বিয়োগ হোৱা এমাহ নোহওঁতেই পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই এতিয়া কন্দুৱাইছে প্ৰতিগৰাকী লোকক।

লগতে পঢ়ক :WATCH | Sootea News: বিশ্বনাথ চাৰিআলিত ভূ-মাফিয়াৰ চক্ৰ