Guruprashad ojha passed away : সংগীত নাটক একাডেমীৰ অমৃত বঁটা প্ৰাপক বৰপেটা সত্ৰৰ ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজাৰ দেহাৱসান
নিউজ ডেস্ক,১০আগষ্ট : সংগীত নাটক একাডেমীৰ অমৃত বঁটা প্ৰাপক বৰপেটা সত্ৰৰ ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজাৰ দেহাৱসান ।
শনিবাৰে বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে বৰপেটা সত্ৰৰ ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজাৰ। বৰপেটাৰ বিলৰতাৰী হাটীৰ বাসিন্দা থকা ওজাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ।
বৰপেটা সত্ৰৰ ওজাপালিৰ গুৰু থকা প্ৰয়াত ওজা সৰুকালৰে পৰা সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল। বিশেষকৈ বৰপেটা সত্ৰৰ বংশৰাৰ নিয়ম অনুসৰি তেওঁ ওজাপালিৰ ক্ষেত্ৰখনৰ লগতে প্ৰধানকৈ জড়িত হৈ পৰিছিল(Guruprashad ojha passed away)।
সত্ৰৰ ওজাপালিৰ প্ৰসাৰ আৰু প্ৰচাৰত নিজক উৎসৰ্গা কৰা প্ৰয়াত ওজাৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে তেওঁক ২০২২ ত একাডেমীৰ অমৃত বঁটা প্ৰদান কৰিছিল। ইহ সংসাৰত প্ৰয়াত ওজাই দুই পুত্ৰ, দুই জীয়ৰীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।
গুৰুপ্ৰসাদ ওজাৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডল সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক : Man found dead in a pond in Dhekiajuli : পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ চোৰৰ মৃতদেহ