Local, Vocal, Global

Guns recovered in Lumding : লামডিঙত জব্দ হস্তনিৰ্মিত বন্দুক

নিউজ ডেস্ক,৩আগষ্ট : লামডিং সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ অভিযান । অভিয়ানত জব্দ হস্তনিৰ্মিত বন্দুক ।

হোজাইৰ নখুটিত শুকুৰবাৰৰ নিশা জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লব তামুলীৰ নেতৃত্বত অভিযান চলে ।

নখুটিৰ নিকটৱৰ্তী লামডিং সংৰক্ষিত বনাঞ্চলত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে শুকুৰবাৰৰ নিশা চলায় এই বৃহৎ অভিযান । এই অভিযানত আৰক্ষীয়ে লামডিং বনাঞ্চলত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক(Guns recovered in Lumding) ।

আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেবাজাঁই সজীব গুলী । কূটাঘাট সংঘটিত কৰাৰ উদ্দেশ্যেৰে দুষ্কৃতিকাৰীয়ে লামডিং বনাঞ্চলত বন্দুক লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Fire broke out in a Vehicle parked on the side of the Road : মহাবিদ্যালয় চৌহদত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন