Gunotsav 2025 Begins Today in State :আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ

নিউজ ডেস্ক,৬ডিচেম্বৰ : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ১১ জিলাত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ১৫,০৭৫ বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷
৬জানুৱাৰীৰ পৰা ৬ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱে তিনিটা পৰ্যায়ত ৰাজ্যৰ সকলো জিলাক সামৰি ল’ব বুলি জানিব পৰা গৈছে।
প্ৰতিটো পৰ্যায়ত চাৰিদিনকৈ হ’বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন হ’ব আৰু পৰৱৰ্তী দিনকেইটাত হ’ব বহিঃমূল্যায়ন ৷ প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হৈছে(Gunotsav 2025 Begins Today in State) ৷
১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ১৩ খন জিলা ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াক সমাৰি ল’ব ৷
লগতে তৃতীয় পৰ্যায়ত ৬ফেব্ৰুৱাৰীৰ পৰা মুঠ ১১খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব ৷ এই জিলাসমূহ ক্ৰমে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং।
কিন্তু গুণোৎসৱ বৰ্জনৰ সিদ্ধান্তত অটল কলেজ শিক্ষক সন্থাৰ। শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাটোৱে।
লগতে পঢ়ক :Road accident in North Guwahati :তীব্ৰবেগী ছুইফট বাহনৰ খুন্দা চাইকেল আৰোহীক;নিহত চাইকেল আৰোহী