Local, Vocal, Global

Gunmen Kill Nine Pakistanis in South Eastern Iran : অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত মৃত্যু ৯ পাকিস্তানী শ্ৰমিকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী : ৯ পাকিস্তানী শ্ৰমিকক হত্য়া । অচিনাক্ত বন্দুকধাৰী হত্য়া কৰে শ্ৰমিকক । ইৰাণৰ দক্ষিণ-পূব সীমান্তৰ অশান্ত অঞ্চলত শনিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

উল্লেখ্য যে, চুবুৰীয়া দেশসমূহে সীমা অতিক্ৰম কৰি মাৰাত্মক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ এসপ্তাহতকৈও অধিক সময়ৰ পাছত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ উক্ত ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ঘটনাত দুটা শিশুকে ধৰি কেবাজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Gunmen kill nine Pakistani nationals in southeastern Iran) ।

ইফালে এই ঘটনাৰ সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে চুবুৰীয়া দেশখনত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ ভয়ংকৰ আৰু ঘৃণনীয় হত্যাকাণ্ড সন্দৰ্ভত ইৰাণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ।

ইৰাণৰ মেহৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চিস্তান-বেলুচিস্তান প্ৰদেশৰ ছাৰাভান চহৰৰ ছিৰকান চুবুৰীৰ এটা ঘৰত অচিনাক্ত অস্ত্ৰধাৰীয়ে ৯ জনকৈ বিদেশী লোকক হত্যা কৰে । ইৰাণৰ আভ্যন্তৰীণ মন্ত্ৰী আহমদ ৱাহিদীয়ে মৃত্যু হোৱা সকলোলোক “বিদেশী নাগৰিক” বুলি উল্লেখ কৰে(Gunmen Kill Nine Pakistanis in South Eastern Iran) ।

পৰৱৰ্তী সময়ত তেহৰাণত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদ্দাছিৰ টিপুৱে নিহত আটাইকেইজনেই পাকিস্তানী নাগৰিক বুলি নিশ্চিত কৰে । টিপিয়ে কয় যে, “ছাৰাভানত 9 জন পাকিস্তানীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাত অত্যন্ত আচৰিত হৈছো । দূতাবাসে শোকসন্তপ্ত পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।”

বালুচ অধিকাৰ সংগঠন হালভাছে নিজৰ ৱেবছাইটত মৃত্যু ঘটা শ্ৰমিকসকল পাকিস্তানী শ্ৰমিক বুলি জনায় ৷ আটাইকেইজনে এখন অটো মেৰামতিৰ দোকানত কাম কৰিছিল আৰু তাতে বাস কৰিছিল বুলি জানিব পৰা গৈছে । এই ঘটনাত আন তিনিজন আহত বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য যে, অৱশ্যে যোৱা সোমবাৰে দুয়োখন দেশে তেওঁলোকে সমস্যা কম কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰে আৰু দুয়োগৰাকী ৰাষ্ট্ৰদূতে নিজৰ পদলৈ ঘূৰি আহি কূটনৈতিক অভিযান পুনৰ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Several Political Figures Including Expelled Congress Leader Angkita Dutta To Join BJP Today : গেৰুৱা বসন পিন্ধিবলৈ সাজু অংকিতা, বিস্মিতা