Gunmen kill more than 60 in concert attack near Moscow : ৰাছিয়াৰ মস্কোৰ কনচাৰ্ট হলত ISISৰ ভয়ংকৰ আক্ৰমণ;নিহত ৬০জন, আহত ১৪৫জন
ইণ্টাৰনেশ্যনেল ডেস্ক,২৩মাৰ্চ : ভয়ংকৰ গুলীচালনাৰ ঘটনা। ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা । ৰাছিয়াৰ ৰাজধানী মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ ৷ ৫ জন মাৰণাস্ত্ৰধাৰীয়ে সাধাৰণ জনতাৰ ওপৰত অতৰ্কিতে গুলীচালনা। এই গুলীচালনাৰ ফলত ৬০জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ১৪৫জনৰো অধিৰ লোক(Gunmen kill more than 60 in concert attack near Moscow)।
ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে জনোৱা মতে, শুকুৰবাৰে মস্কোৰ কনচাৰ্ট হলত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনাটো ৷ এই ঘটনাত ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪৫ জনতকৈ অধিক লোক আহত হয় ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাছিয়াৰ নেচনেল গাৰ্ডে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানত উপস্থিত হৈছে। সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈও তেওঁলোকে অভিযান আৰম্ভ কৰিছে। এই অভিযানত হেলিকপ্টাৰৰো সহায় লোৱা হৈছে। ৫০খনতকৈও অধিক এম্বুলেন্সেও ঘটনাস্থলীত উপস্থিত হৈছে।
ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, কনচাৰ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ক্ৰকাছ চিটি হলত প্ৰৱেশ কৰি একাংশ অচিনাক্ত লোকে গুলীচালনা কৰে। খবৰ অনুসৰি হলঘৰত গুলীচালনাৰ পিছত গ্ৰেনেডো আক্ৰমণ কৰা হয়। যোদ্ধাৰ সাজ-পোছাক পৰিহিত কমেও পাঁচজন লোকে কনচাৰ্ট হলত প্ৰৱেশ কৰি গুলীচালনা কৰে। সেই অট্টালিকাটোত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ খবৰো পোৱা গৈছে।
জানিব পৰা মতে, শুকুৰবাৰে মস্কোৰ এটা ডাঙৰ কনচাৰ্ট হলত কেইবাজনো বন্দুকধাৰীয়ে বিস্ফোৰণ ঘটাই দৰ্শনাৰ্থীসকলক স্বয়ংক্ৰিয় গুলীচালনাৰে স্প্ৰে’ কৰাৰ ফলত বহুসংখ্যক লোক আহত হয় । ৰাছিয়া-ইউক্ৰেইন যুদ্ধই তৃতীয় বছৰত ভৰি দিয়াৰ পিচত বিগত বহু বছৰৰ পিচত ৰাছিয়াত সংঘটিত হোৱা এইটো আটাইতকৈ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ বুলি বিবেচিত হৈছে।
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে অট্টালিকাটোৰ ওপৰেৰে ক’লা ধোঁৱাৰ বিশাল ঢৌ উঠিছে । ৬ হাজাৰৰো অধিক লোক বহিব পৰা হলটোত ৰাছিয়াৰ বিখ্যাত ৰক বেণ্ড পিকনিকৰ কনচাৰ্টৰ বাবে ভিৰ হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়(Moscow concert hall attack: Russia says many killed, over 100 wounded)।
শুকুৰবাৰে হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন কিৰ্বিয়ে কয়, “এতিয়াও সকলো সবিশেষৰ বিষয়ে ক’ব পৰা হোৱা নাই যদিও দৃশ্যবোৰ ভয়ংকৰ । চাবলৈ কঠিন । আমি ভয়ংকৰ গুলীচালনাৰ বলি হোৱা লোকসকলৰ সৈতে আছো ৷ কিছুমানে নিজৰ মাক-দেউতা, ভাই-ভনী আৰু পুত্ৰ-কন্যাৰ এতিয়াও কোনো খবৰ পোৱা নাই । এইটো এটা কঠিন দিন হ’ব ।”
চলিত মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকাৰ দূতাবাসে জাৰি কৰা এক বিবৃতিৰ পিচতে আমেৰিকাৰ নাগৰিকসকলক ৰাছিয়াৰ ৰাজধানীখনৰ জনসমাগম অধিক থকা ঠাইৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছিল(At least 60 killed and scores wounded in Moscow concert hall attack) ৷
লগতে পঢ়ক : Man allegedly kills wife : ঘৰুৱা কন্দলৰ বাবেই এজন ব্যক্তিয়ে হত্যা কৰিলে পত্নীক !