Local, Vocal, Global

Gun Fire Doomdoma: দীঘলটং চাহ বাগিচাত গুলী চালনা পাত চোৰৰ

ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত দীঘলটং চাহ বাগিছাত এতিয়া নিতৌ চলে কেঁচা চাহপাতৰ চুৰিকাণ্ড৷ কেঁচা চাহপাত চোৰ কৰিবলৈও এতিয়া চোৰে ব্যৱহাৰ কৰে মাৰণাস্ত্ৰ৷ কাৰ ছত্ৰছায়াত পাত চোৰেও ব্যৱহাৰ কৰিছে মাৰণাস্ত্ৰ, এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ অঞ্চলটোত৷ যোৱা নিশা দীঘলটং চাহ বাগিছাত চোৰে কেঁচা চাহপাত চিঙি থাকোতে নাইট চকিদাৰে প্ৰতক্ষ্য কৰি চিঞৰ মৰাত চাহপাত চুৰে গুলীচালনা সংঘটিত কৰে Gun Fire Doomdoma৷ গুলীৰ শব্দ শুনি বাগিছা খনৰ স্থানীয় লোকসকল ওলাই অহাত চোৰে উক্ত স্থানৰ পৰা পলায়ন কৰে৷ কেঁচা চাহপাতৰ চোৰেও যে বন্দুকৰ দৰে মাৰণাস্ত্ৰ ব্যৱহাৰ কৰে তাক লৈ উদিগ্ন হৈ পৰিছে বাগিছাৰ কতৃপক্ষ৷ আজি পুৱাই চাহ জনজাতি ছাত্ৰ সন্থাই বাঘজান আৰক্ষী থানাৰ সন্মুখত ঘটনাৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷ দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷