Baragaon Murder : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ,পৰকীয়া প্ৰেমৰ পৰিণতিত মহিলাক হত্য়া কৰি আত্মহত্যা প্ৰেমিকৰ
নিউজ ডেস্ক, ২৮আগষ্ট : মহানগৰীত সংঘটিত হৈছে আন এক জঘন্য ঘটনা । হত্য়া, হিংসা গ্ৰাস কৰাৰ সমাজত আন এক হত্যাকাণ্ডৰ ঘটনা । গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে আন এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । পৰকীয়া প্ৰেমই কাল হ’ল এটা পৰিয়ালৰ(Baragaon Murder) । পৰকীয়া প্ৰেমৰ বাবে প্ৰেমিকে ঘপিয়াই হত্যা কৰিলে প্ৰেমিকাক । মহিলাগৰাকীৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰে অবৈধ প্ৰেমিকে(gruesome murder took place at Baragaon) ।
দেওবাৰে নিশা মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো । দেওবাৰে নিশা বৰাগাঁৱৰ গাৰোঘুলিত সংঘটিত হোৱা এই জঘণ্য কাণ্ডই এতিয়াই জোকাৰি গৈছে সমগ্ৰ মহানগৰী। পৰকীয়া প্ৰেমৰ পৰিণতিত মহিলাক হত্যা কৰি আত্মহত্যা কৰে প্ৰেমিকে । ৰীতা দাস নামৰ মহিলাগৰাকীক নিৰঞ্জন গোহাঁই নামৰ লোকজনে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে(The gruesome murder took place at Baragaon)।
জানিব পৰা মতে প্ৰথমে নিৰঞ্জনে প্ৰথমে ৰীতা দাসৰ ঘৰত থকা পোহনীয়া কুকুৰটোক মৰিয়াই মৰিয়াই হত্যা কৰে। তাৰ পিছতে লোহা আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰীতাৰ দুই সন্তানক। দুই সন্তানক আক্ৰমণ কৰি উপৰ্যুপৰি আক্ৰমণ কৰে স্বামীক আৰু ৰীতাৰ স্বামী অৱণী দাসক উপৰ্যুপৰি আক্ৰমণ কৰাত স্বামীক বচাবলৈ যাওঁতে ৰীতা দাসকো আক্ৰমণ কৰে নিৰঞ্জনে। নিৰঞ্জনে লোৰ পাইপ আৰু তৰোৱালেৰে আক্ৰমণ কৰাত মৃত্যু হয় ৰীতা দাসৰ। এই ঘটনা সংঘটিত কৰিয়েই সেয় একেটা কোঠাতে অভিযুক্ত নিৰঞ্জনে আত্মহত্যা কৰে।
উল্লেখ্য যে, ১৩ বছৰৰ পূৰ্বে অৱণী দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰীতা দাস। বিগত ৩ বছৰৰ পৰা ৰীতাৰ সৈতে নিৰঞ্জনৰ আছিল অবৈধ সম্পৰ্ক।প্ৰায় ৩ বছৰ পূৰ্বে ৰীতা নিৰঞ্জনৰ সৈতে পলাই গৈছিল। কিন্তু পুনৰ স্বামী-সন্তানৰ কাষলৈ উভতি আহিছিল ৰীতা। সেই ক্ষোভতে নিৰঞ্জনে এই জঘন্য ঘটনাটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।বৰ্তমান অৱণী দাসসহ দুই সন্তান চিকিৎসাধীন। আহত এটি সন্তানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
লগতে পঢ়ক :Behind suicide pact : নিজা বাসগৃহত উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ ৪টাকৈ মৃতদেহ