Local, Vocal, Global

Grenades Recovered In Sonitpur : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত উদ্ধাৰ গ্ৰেনেড

নিউজ ডেস্ক,২৫জানুৱাৰী : কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। তাৰ মাজতে ৰাজ্যত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী( Grenades Recovered In Sonitpur Ahead Of Republic Day)।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত উদ্ধাৰ গ্ৰেনেড৷ ঢেকীয়াজুলিৰ বাতাচিপুৰৰ খাবৰাত উদ্ধাৰ হেণ্ড গ্ৰেনেড। ঢেকীয়াজুলিত জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ। এখন ৰবৰৰ বাগানত উদ্ধাৰ হৈছে গ্ৰেনেডকেইটা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৫টাকৈ হেণ্ড গ্ৰেনেড। লগতে উদ্ধাৰ কৰা হৈছে তিনিডাল ডিট’নেটৰ।

ইয়াৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্য। কোনে এই গ্ৰেনেডকেইটা আনিলে এই সন্দৰ্ভত কোনো তথ্য জানি পৰা নাই। অব্যাহত আছে আৰক্ষীৰ অনুসন্ধান। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত গ্ৰেনেড উদ্ধাৰৰ পাছতে স্বাধীনতা দিৱসৰ পুণৰাবৃত্তিৰ আশংকাৰ সৃষ্টি হৈছে(Grenades Recovered In Sonitpur)।

লগতে পঢ়ক :Road accident in Dergaon :দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত দুজন