Local, Vocal, Global

Greek PM Kyriakos Mitsotakis and his wife visit Raj Ghat : ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ গ্ৰীচ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী মাৰেভা গ্ৰাবস্কিৰ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছ । নৱম ৰাইচিনা আলোচনাত অংশগ্ৰহণৰ উদ্দেশ্যৰে ভাৰতলৈ আহিছে গ্ৰীচৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । বুধবাৰে গ্ৰীচৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নতুন দিল্লীত উপস্থিত হৈ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে । তেওঁৰ সৈতে উপস্থিত থাকে পত্নী মাৰেভা গ্ৰাবস্কিও ।

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছক বুধবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত আনুষ্ঠানিকভাৱে ‘গাৰ্ড অব অনাৰ’ প্ৰদান কৰা হয়(Greek PM Kyriakos Mitsotakis and his wife visit Raj Ghat, pay tribute to Mahatma Gandhi) ।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু তেওঁ পত্নী মাৰেভা গ্ৰাবস্কি ২১-২২ ফেব্ৰুৱাৰীলৈ ভাৰতত থাকিব(Greek PM Kyriakos Mitsotakis and his wife visit Raj Ghat) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পত্নী মাৰেভা গ্ৰাবস্কি মিটচোটাকিছৰ সৈতে মিটচিটাকিছক আদৰণি জনায় । গাৰ্ড অব অনাৰ লাভ কৰাৰ পিছত গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্ব গ্ৰীচৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় । তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে অপেক্ষা কৰি আছে(Mitsotakis stresses importance of strategic partnership during official visit to India) ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছক সাক্ষাত কৰে । সাক্ষাতৰ পিছত জয়শংকৰে কয় যে তেওঁ ভাৰত আৰু গ্ৰীচৰ মাজত সম্পৰ্ক বৃদ্ধিৰ বাবে মিটচোটাকিছৰ প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক : Two smugglers arrested with large quantity of cannabis : খটখটীত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান; অভিযানত বৃহৎ পৰিমাণৰ কানিসহ আটক দুই সৰবৰাহকাৰী