Local, Vocal, Global

Greece PM Mitsotakis arrives in India : ভাৰতত উপস্থিত বিশ্ব নেতা; অংশগ্ৰহণ কৰিব দিল্লীৰ ৰাইচিনা আলোচনাত

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : ভাৰত ভ্ৰমণত গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছ । মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হয় গ্ৰীক প্ৰধানমন্ত্ৰী গৰাকী । উল্লেখ্য যে ২১-২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাইছিনা আলোচনা, ২০২৪ৰ মুখ্য অতিথি আৰু মুখ্য অধ্যক্ষ হৈছে গ্ৰীক প্ৰধানমন্ত্ৰী(Greece PM Mitsotakis arrives in India, to be Chief Guest at Raisina Dialogue) ।

বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এক পোষ্টত জড়িয়তে কয়, “হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী কে মিটচোটাকিছক তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ বাবে উষ্ম আদৰণি জনাইছোঁ । বিমানবন্দৰত ৰাজ্যিক মন্ত্ৰী এম লেখিয়াটে তেওঁক স্বাগতম জনায় । প্ৰধানমন্ত্ৰী মিটচোটাকিছ ৰাইচিনা আলোচনা, ২০২৪ৰ মুখ্য অতিথি আৰু মুখ্য অধ্যক্ষ ।”

ইয়াৰ পূৰ্বে গ্ৰীক বৈদেশিক মন্ত্ৰী জিঅৰ্গোছ গেৰাপেট্ৰাইটিছ ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হয় । তেওঁ মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই ভাৰত-গ্ৰীচ আৰু ভাৰত-ইউৰোপ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে ।

ইফালে ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰিবলৈ একাধিক দেশৰ প্ৰতিনিধি ভাৰতত উপস্থিত হয় । ছুইডেনৰ বৈদেশিক মন্ত্ৰী টবিয়াছ বিলষ্ট্ৰম আৰু লাটভিয়াৰ বৈদেশিক মন্ত্ৰী ক্ৰিছজানিছ কাৰিন্স মঙলবাৰে ভাৰতত উপস্থিত হয় ।

ইয়াৰ উপৰি ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়ংপো ডি এন ধুংগিয়েল, লিথুৱেনিয়াৰ বৈদেশিক মন্ত্ৰী গেব্ৰিয়েলিয়াছ লেণ্ডচবাৰ্গিছ আৰু এষ্টোনিয়াৰ বৈদেশিক মন্ত্ৰী মাৰ্গাছ চাহকনাও সন্মিলনৰ বাবে ভাৰতত উপস্থিত হৈছে । আনহাতে, শ্লোভাক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰী আৰু ডাচ্চ বৈদেশিক মন্ত্ৰী হাঙ্কে ব্ৰুইনছলটো মঙলবাৰে ভাৰতত উপস্থিত হয়(FMs of Finland, Liechtenstein, Bosnia and Herzegovina arrive in India for Raisina Dialogue) ।

তদুপৰি বুধবাৰে দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হ’ব ফিনলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এলিনা ভালটোনেন আৰু ৰাইচিনা আলোচনা, ২০২৪ত অংশগ্ৰহণ কৰিব বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে । তেওঁৰ ভ্ৰমণকালত তেওঁ নৰ্ডিক আৰু বাল্টিক মন্ত্ৰীসকলৰ সৈতে একেলগে এক মধ্যাহ্নভোজনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব(Foreign ministers of Sweden, Latvia arrive in Delhi to attend Raisina Dialogue) ।

উল্লেখ্য যে, ২০২৩ চনৰ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত ভাৰত-গ্ৰীচৰ সম্পৰ্ক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত হৈছে ।

লগতে পঢ়ক : Dima Hasao Police arrests three drug peddlers from Cachar district : কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ তিনি ড্ৰাগছ সৰৱৰাহকাৰী