Local, Vocal, Global

govt official raises hand with bribe in Silchar : উৎকোচ লৈ গ্ৰেপ্তাৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

নিউজ ডেস্ক,১২জুন : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(govt official raises hand with bribe in Silchar) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ।শিলচৰতত উৎকোচ লৈ হাত দাঙিলে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী । দুৰ্নীতি নিবাৰক শাখাৰ জালত আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সৌম্য ভট্টাচাৰ্য।

ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ এছিছটেণ্ট সৌম্য ভট্টাচাৰ্য। NOCৰ নামত এজন লোকৰ পৰা লৈছিল ২হাজাৰ টকা।

লগতে পঢ়ক : Bangladeshi woman married to a man in Doboka : প্ৰথমে বাংলাদেশী যুৱতীক বিয়া; তাৰ পিছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ, পেনকাৰ্ড, বেংক একাউণ্ট প্ৰস্তুত