govt official raises hand with bribe in Lakhimpur : উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই
নিউজ ডেস্ক,১৩মে’ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(govt official raises hand with bribe in Lakhimpur)।
এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল অভিযন্তা। লখিমপুৰত উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই। দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী।
লখিমপুৰৰ PHEৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী ।২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে আটক কৰে জয়ন্ত গোস্বামী।
জানিব পৰা মতে, বিল পাছ কৰিবলৈ জয়ন্ত গোস্বামীয়ে লৈছিল ২০ হাজাৰ টকা।
লগতে পঢ়ক : Sporadic incidents of violence reported during LS polls : ভোটদানৰ মাজতে ভোটাৰক শাৰীৰিকভাৱে আক্ৰমণ বিধায়কৰ