Local, Vocal, Global

Govt official raises hand with bribe in Kamalpur :উৎকোচ লৈ গ্ৰেপ্তাৰ ৰাজহ চক্ৰৰ উচ্চবৰ্গৰ সহায়ক

নিউজ ডেস্ক,২৮অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Govt official raises hand with bribe in Kamalpur)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ ৰাজহ চক্ৰৰ উচ্চবৰ্গৰ সহায়ক।

বাইহাটাৰ কমলপুৰত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই।অভিযানত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হীৰেন চৌধুৰীক। কমলপুৰ ৰাজহ চক্ৰৰ উচ্চবৰ্গৰ সহায়ক হীৰেন চৌধুৰী।

নামজাৰি কৰ্তনৰ নামত ৩ হাজাৰ টকা উৎকোচ লৈছিল হীৰেন চৌধুৰীয়ে।

লগতে পঢ়ক :Army vehicle attacked by terrorists in Jammu and Kashmir: জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ গুলীচালনা