Local, Vocal, Global

Govt official raises hand with bribe : উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল বন্দোৱস্তি কাৰ্যালয়ৰ কৰ্মচাৰী

নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Govt official raises hand with bribe)।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল বন্দোৱস্তি কাৰ্যালয়ৰ কৰ্মচাৰী । বৃহস্পতিবাৰে উৎকোচ লৈ শিলচৰত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া নৰুল হক বৰভূঞা ৷ বন্দোৱস্তি কাৰ্যালয়ৰ কৰ্মচাৰী নৰুল হক বৰভূঞা ৷

ভূমি সংক্ৰান্তীয় কামৰ বাবে কাৰ্যালয়তে লৈছিল উৎকোচ৷ আক্তাৰ হুছেইন নামৰ এজন লোকৰ পৰা লৈছিল ৫ হাজাৰ টকা৷

লগতে পঢ়ক : Japanese Encephalitis : ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ;জি এম চি এইচত ৬ জন ৰোগীৰ মৃত্যু