Guru Ravidas Jayanti holiday: ২ ফেব্ৰুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, কাৰ্যালয়, উদ্যোগ- প্ৰতিষ্ঠান

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী: ১২ ফেব্ৰুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, কাৰ্যালয়, উদ্যোগ- প্ৰতিষ্ঠান। গুৰু ৰবিদাস জয়ন্তী উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই(Guru Ravidas Jayanti holiday)।
সোমবাৰে এক চৰকাৰী বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে।
বিবৃতিত উল্লেখ কৰা অনুসৰি পূৰ্বে ঘোষণা কৰা ১৩ ফেব্ৰুৱাৰীৰ দিনটো বাতিল কৰি ১২ ফেব্ৰুৱাৰীৰ দিনটো চৰকাৰী বন্ধ হিচাপে কাৰ্যকৰী কৰা হ’ব। গতিকে এই নিৰ্দেশনা মানি বুধবাৰে দিল্লীৰ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয় তথা প্ৰতিষ্ঠান(Govt offices in Delhi to remain closed on February 12)।
অৱশ্যে জৰুৰীকালীন সেৱা তথা অত্যাৱশ্যকীয় সেৱাক এই আওতাৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে এই ঘোষণাৰ পাছতে দিল্লীৰ বিভিন্ন মহলে এই সিদ্ধান্তক আদৰণি জনাইছে।
লগতে পঢ়ক:Notorious fraudster lands in police net: দিছপুৰৰ আৰক্ষীৰ জালত কুখ্যাত প্ৰৱঞ্চক