Local, Vocal, Global

Govt bans 156 popular fixed-dose combination drugs citing safety concerns :কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ১৫৬বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ

নিউজ ডেস্ক,২৬আগষ্ট : ১৫৬বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ।কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।

জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ বাবে এই সমূহ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে। জ্বৰ, চর্দি-কাহ, বিষ, এলার্জি আদিত বহুলভাৱে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্রীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে(Govt bans 156 fixed-dose combination drugs administered as painkillers, antibiotics)।

নিষিদ্ধ কৰা ঔষধৰ তালিকাত আছে ছেট্রিজিন, এইচ চি এল পেৰাচিটামল, ফেনিলেফ্রি, প্রপোনোলামাইন আদি। একেদৰে লেভচেট্ৰিজিন আৰু ফেনিলেফ্ৰিন হাইড্ৰক্লৰিক এচিডৰ মিশ্ৰণ, পেৰাচিটামল আৰু ক্লৰ’ফেনিৰামাইন মেলেট আৰু ফেনলপ্ৰপান’লোমাইনৰ মিশ্রণ আৰু কেমিল’ফিন ডিহাইড্ৰক্ল’ৰাইড ২৫ মিলিগ্ৰাম আৰু পেৰাচিটামল ৩০০ মিলিগ্ৰামৰ মিশ্ৰণৰ ঔষধত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

পেৰাচিটামল ট্ৰামাডল, ট’ৰিণ আৰু কেফেইনৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা পেইন কিলাৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ হিতৰ বাবে ক্ষতিকাৰক ঔষধ প্ৰস্তুত, বিক্ৰীত বাধা আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জাননীযোগে প্ৰকাশ কৰিছে(Govt bans 156 popular fixed-dose combination drugs citing safety concerns)।

লগতে পঢ়ক : Kiran Baruah passed away : বিদুষী মহিলা কিৰণ বৰুৱাৰ দেহাৱসান