Local, Vocal, Global

Union Budget 2024 : মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেট;বাজেটত স্থান পালে অসমৰ বানে!

নিউজ ডেস্ক,২৩জুলাই : মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট (Union Budget 20240 ৷

২০২৪-২৫ৰ সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হয় ।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়।এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উতস বহিঃদেশত আছে। তথাপিও এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব( Govt allocates ₹11,500 crore for flood control assistance for Assam)।

সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।

লগতে পঢ়ক : Veteran Journalist Haidar Hussain : বিপদমুক্ত বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইন