Governor taste Assamese Pitha:জামুগুৰিহাটৰত অসমীয়া পিঠাৰ সোৱাদ ল’লে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই
জামুগুৰিহাট,২৮ডিচেম্বৰ : জামুগুৰিহাটৰ মৰণাকুৰী গাঁৱত অসমীয়া পিঠাপনাৰ সোৱাদ ল’লে ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্যই ৷
ৰাজ্যৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য জামুগুৰিহাটৰ জীয়াভৰলী পাৰৰ ঐতিহ্যমণ্ডিত মৰনাকুৰি গাওঁত উপস্থিত হৈ শুকুৰবাৰে সন্ধিয়া গঞা ৰাইজৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ “গাঁৱত ৰাজ্যপাল” শীৰ্ষক কাৰ্য্যসূচীৰ অংশ হিচাবে ৰাজ্যপাল গৰাকী গাঁখনত উপস্থিত হৈ ইয়াৰ যি সাংস্কৃতিক পৰিবেশ তাক প্ৰত্যক্ষ কৰে ৷ সপত্নীক ৰাজ্যপাল গৰাকীয়ে গঞা ৰাইজৰে মিলিত হৈ অসমীয়া খাদ্য সম্ভাৰ তথা টিল পিঠা,নাৰিকলৰ লাৰু,চুঙাপিঠা আদিৰ যুটীলৈ অভিভূত হৈ পৰে ৷
ৰাজ্যপাল গৰাকীয়ে সপত্নীক মৰণাকুৰি গাঁৱৰ মহিলা সকলে ঢেকীত চাউল খুন্দি পিঠাপনা তৈয়াৰ কৰা দৃশ্য উপভোগ কৰিও অভিভূত হৈ পৰে৷ ৰাজ্যপাল গৰাকীয়ে গাঁৱৰ পৰিবেশৰ মাধুৰ্য্যতাক সোঁৱৰনী কৰি ভাষনত কয় গাঁৱক বাদ দি আমি কেতিয়াও মানুহ হৈ থাকিব নোৱাৰো৷ গাঁৱৰ মৰম একতা আদি জাতিৰ বাবে আদৰ্শ৷ অসমৰ মানুহে নিজৰ সংস্কৃতিৰ বাবে অলেখ ত্যাগ আৰু সংগ্ৰাম কৰাৰ বাবেই আজিৰ অসম অসমীয়া সংস্কৃতি তজবজীয়া হৈ আছে আৰু সদায় থাকিব৷ লগতে গাঁওখনৰ এখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰে ৰাজ্যপালে(Governor taste Assamese Pitha) ৷
ইয়াৰ পূৰ্বে ৰাজ্যপাল গৰাকীয়ে বিয়লি ৪ মান বজাত জামুগুৰিহাটৰ “ভৰলীপৰীয়া কন্যকা বহুমুখী পাম” ত উপস্থিত হৈ পোনে পোনে কন্যকাৰ বৰ নামঘৰত আঠু লৈ সেৱা জনায় আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মানসপুত্ৰ “ৰামু” ক খুৱাই কল৷ ইয়াৰ পিচতে ৰাজ্যপাল গৰাকীয়ে সপত্নীক “ভৰলীপৰীয়া কন্যকা বহুমুখী পাম” খনৰ গো-শালা,মূৰ্গী ফাৰ্ম,নাৰ্চাৰী আদিকে ধৰি কৃষি পামখনৰ কৃষি কৰ্মও পৰিদৰ্শন কৰি বিশাল ভুমিত গঢ় লৈ উঠা কৃষিকৰ্মৰ অগ্ৰগতি দেখি সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷ পৰিদৰ্শন কালত ৰাজ্যপাল গৰাকীক সংগ প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকা আৰু যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাই ৷
লগতে পঢ়ক :Fresh violence erupts in Manipur:পুনৰ মণিপুৰত আৰম্ভ হৈছে হিংসা