Local, Vocal, Global

Governor Golab Chand Kataria visits in Muslimpur :মুছলপুৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

মুছলপুৰ,২৪জুলাই : মুছলপুৰত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া । মুছলপুৰত উপস্থিত হৈ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে পৰ্যালোচনা বৈঠক ৰাজ্যপাল গৰাকীৰ।

আজি বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় সভা কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । জিলাখনৰ চৰকাৰী বিভাগৰ মুৰব্বী সকলৰ পৰা উন্নয়ন, সুবিধা-অসুবিধা আৰু কেন্দ্ৰীয় আচঁনিৰ খটিয়ান লয় ৰাজ্যপাল গৰাকীয়ে(Governor Golab Chand Kataria visits in Muslimpur) ।

বৈঠকৰ পাচত সাংবাদিকৰ আগত মন্তব্য কৰি ৰাজ্যপাল গৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ পূৰ্বতকৈ উন্নয়ন হোৱাৰ কথা সদৰি কৰে । জল জীৱন মিচন আচঁনিৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ কাম চলি থকাৰ কথা সদৰি কৰি আঁচনি সমূহ সফল ৰূপায়ন হোৱা বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, আজিৰ পৰ্যালোচনা সভাত বাক্সা জিলাৰ চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি বহু কেইগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Japanese Encephalitis : তিতাবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু কিশোৰীৰ