যুৱ প্ৰজন্মক অতি মাত্ৰাত সুৰা সেৱন কৰিবলৈ আহ্বান চৰকাৰৰ
নিউজ ডেস্ক, ২০ আগষ্ট : বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাই অহা সুৰাৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ আমাৰ দেশত প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে জাপানত বিশেষ পদক্ষেপ।
যুৱ প্ৰজন্মই যাতে সুৰা সেৱনৰ ক্ষেত্ৰত অধিক আকৰ্ষিত হয় তাৰ বাবে জাপানত আৰম্ভ কৰিছে ‘ছেক ভিভা’ (Sake Viva) অভিযান।
জাপানৰ আৰ্থিক অৱস্থা অধিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত জাপানৰ যুৱ প্ৰজন্মক অতি মাত্ৰাত সুৰা সেৱন কৰিবলৈ আহ্বান জনাইছে দেশখনৰ চৰকাৰে।
এক সমীক্ষা অনুসৰি জাপানত যুৱ প্ৰজন্মৰ পৰিৱৰ্তে তেওঁলোকৰ পিতৃ-মাতৃয়ে অধিক হাৰত সুৰা সেৱন কৰে আৰু ‘ছেক ভিভা’ অভিযানৰ জৰিয়তে দেশখনৰ যুৱ প্ৰজন্মই অধিক হাৰত সুৰা সেৱনৰ প্ৰতি আকৰ্ষিত হ’ব বুলি আশা কৰিছে।
জাপানৰ নেশ্যনেল টেক্স এজেন্সীয়ে ২০ৰ পৰা ৩৯ বছৰীয়া লোকৰ পৰা সুৰা সেৱন বৃদ্ধি কৰিব পৰা বিজেনছ আইডিয়া বিচাৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন প্ৰতিযোগিতাও আৰম্ভ কৰিছে।
উল্লেখ্য যে জাপানত আৰম্ভ হোৱা এই বিশেষ প্ৰতিযোগিতাখন ছেপ্টেম্বৰৰ শেষলৈকে চলিব বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
অৱশ্যে এই অভিযানক লৈ বহু লোকে অসন্তুষ্টি প্ৰকাশ কৰি চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰিছে।