Government tables Assam Healing (Prevention of Evil) Practices Bill : অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদু! ভুৱা প্রচাৰেৰে কোনোৱে বিক্রী কৰিব নোৱাৰিব ঔষধ
নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : আজি বিধানসভাত উপস্থাপন কৰা হয় কেইবাখনো বিধেয়ক । আজি মন্ত্রী পীয়ুষ হাজৰিকাই বিধানসভাত উপস্থাপন কৰে দ্য আছাম হিলিং প্রেক্টিছ (প্রিভেন্সন অৱ ইভিল) বিধেয়ক(Government tables Assam Healing (Prevention of Evil) Practices Bill)।
এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদুক ! ভুৱা প্ৰচাৰেৰে কোনোৱে বিক্ৰী কৰিব নোৱাৰিব ঔষধ ! প্ৰকাশ কৰিব নোৱাৰিব বিজ্ঞাপনো! বিধানসভাত আজি এই সন্দৰ্ভত উত্থাপন হ’ল গুৰুত্বপূৰ্ণ বিধেয়কখন( Assam Govt Introduces Bill in State Assembly) ।
অসমৰ বিভিন্ন অঞ্চলত এতিয়াও চলি আছে বেজ-বেজালিৰ দৰে কুসংস্কাৰৰ ৷ কিন্তু এতিয়াৰে পৰা বেজ-বেজালি, ক’লা যাদুৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদু!
আজি সদনত উত্থাপন হ’ল ‘আছাম হিলিং (প্ৰিভেন্সন অব এভিল) প্ৰেক্টিচ বিধেয়ক।এই বিধেয়ক আইনলৈ ৰূপান্তৰিত হ’লে অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদু। ভুৱা প্ৰচাৰেৰে কোনোৱে বিক্ৰী কৰিব নোৱাৰিব দৰৱ। প্ৰকাশ কৰিব নোৱাৰিব তেনে কোনো বিজ্ঞাপনো। অন্যথা ১ লাখ টকাৰ জৰিমনা সহ ৫ বছৰৰ কাৰাদণ্ড হ’ব।
মুখ্যমন্ত্ৰীৰ হৈ বিধেয়কখন সদনত উত্থাপন কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই। এই বিধেয়ক গৃহীত হ’লে উপ-পৰিদৰ্শক পদৰ তলৰ বিষয়াই কৰিব নোৱাৰিব এনে গোচৰৰ তদন্ত।
সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব এই আইন।কু-সংস্কাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সজাগতা কাৰ্যসূচী। সুস্থ-সবল আৰু বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থতেই আজি সদনত উত্থাপন কৰা হয় এই বিধেয়ক( Government tables Assam Healing (Prevention of Evil) Practices Bill, 2024 in state legislative assembly)।
লগতে পঢ়ক : Mother son duo found dead in Nalbari : ৰহস্যৰ আৱৰ্তত নলবাৰীৰ মাতৃ-পুত্ৰৰ মৃত্যুৰ ঘটনা