Local, Vocal, Global

অসমত চৰকাৰী চাউলৰ চিণ্ডিকেট, ট্ৰাকে ট্ৰাকে সুলভ মূল্যৰ চাউল গৈছে পশ্চিমবংগলৈ

নিউজ ডেস্ক: অসমত বগা চাউলৰ ক’লা বেহা অব্যাহত আছে। আজিও অসমৰ সূলভ মূল্যৰ চাউল অবৈধভাৱে বিক্ৰী হৈ আছে পশ্চিমবংগত৷ ছাগলীয়া আৰু শ্ৰীৰামপুৰ গে’টেৰে পাৰ কৰা হয় অবৈধ চাউল৷ চৰকাৰী সূলভ মূল্যৰ চাউল ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেৰে অবৈধভাৱে পাৰ কৰাই নি পশ্চিমবংগলৈ সৰবৰাহ কৰে এক অসাধু চক্ৰই। ৰাজ্যত PDSৰ বগা চাউলৰ বৃহৎ ছেণ্ডিকেটৰ কথা পোহৰলৈ আহিছে৷ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে শ্ৰীৰামপুৰত PDSৰ চোৰাং চাউলৰ ট্ৰাক জব্দ কৰাৰ লগতে চালকক আটক কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ-ধুবুৰী সীমান্তত৷ বগৰীবাৰীৰ এই সৰকাৰ চাউল মিলৰ পৰাই শ্ৰীৰামপুৰ গে’টেৰে পশ্চিমবংগৰ বাৰোবিশা লৈ ট্ৰাকেৰে নি থকা হৈছিল চাউল বস্তাসমূহ৷ এনে সময়তে ট্ৰাকখন জব্দ কৰে শিমুলটাপু আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ নম্বৰ WB-69A-5733। সৰকাৰ চাউল মিলৰ স্বত্বাধিকাৰী চাহাজাহান সৰকাৰ আৰু আবুল হুছেইনে চৰকাৰে যোগান ধৰা বস্তাৰ চাউল উলিয়াই আন বস্তাত ভৰাই ট্ৰাকত বোজাই কৰি বিক্ৰী কৰে পশ্চিংবগৰ ব্যৱসায়ীক৷ PDSৰ চাউল অইন বস্তাত ভৰাই চোৰাং চাউলৰ ক’লা বেহা গৈছে চিণ্ডিকেট চক্ৰটোৱে৷ বগৰীবাৰী সৰকাৰ চাউল মিলৰ পৰা পশ্চিমবংগৰ বাৰোবিশাৰ মাফিয়া গকুল দে’ ওৰফে মোনা দে’ৰ ওচৰলৈ ট্ৰাকেৰে চাউল বস্তাসমূহ নি থকা হৈছিল বুলি স্বীকাৰোক্তি খোজ ট্ৰাকচালকৰ। অসমৰ বিভিন্ন প্ৰান্তৰ বগা চাউল ক্ৰয় কৰি পশ্চিমবংগৰ ক’লা বজাৰত বিক্ৰী কৰে এই মাফিয়া চক্ৰটোৱে। ট্ৰাকখনৰ চালক মনোজ সৰকাৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ট্ৰাকখন জব্দ কৰাৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰৰ তথ্য।