Local, Vocal, Global

Government Official Found Hanging in Guwahati : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ চৰকাৰী বিষয়াৰ মৃতদেহ

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা । এইবাৰ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ । গুৱাহাটী মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এই ঘটনাটো(Shocking incident) !

জানিব পৰা মতে, বৰবাৰীৰ শংকৰ নগৰৰ ৩০২ নং বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। শংকৰ নগৰৰ গৃহ নং ৩০২ বাসগৃহত অকলসৰে বাস কৰিছিল প্ৰফুল্ল শইকীয়াই নামৰ এজন চৰকাৰী বিষয়াই। অসম সচিবালয়ৰ সমবায় বিভাগত চেকচন অফিচাৰ হিচাপে কৰ্মৰত আছিল প্ৰফুল্ল। মৃতলোকজনৰ পত্নী আৰু পুত্ৰ কৰ্মসূত্ৰে শোণিতপুৰত আছিল আৰু দীৰ্ঘদিন ধৰি লোকজনে অকলশৰে বাস কৰিছিল শংকৰ নগৰৰ বাসগৃহটোত। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল লোকজন। কিছুদিন পূৰ্বে প্ৰফুল্ল শইকীয়াৰ হাত এখন ভাঙিছিল যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল প্ৰফুল্ল(Government Official Found Hanging in Guwahati)।

বুধবাৰে দিনৰ ভাগত ওচৰ চুবুৰীয়াই শইকীয়াক দেখা পাইছিল যদিও আজি পুৱাৰ ভাগত দেখা নোপোৱাত বিচাৰ খোচৰ কৰাৰ অন্তত চুবুৰীয়া এজন লোকে ঘৰৰ খিৰিকিৰে জুমি চাই প্ৰফুল্ল শইকীয়াৰ মৃতদেহটো উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু দিছপুৰ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

বৰ্তমানলৈ লোকজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক সংঘাতৰ বাবেই লোকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ওচৰ-চুবুৰীয়াই।

আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব এয়া আত্মাহত্য় নে অন্য কিবা। বৰ্তমান সমগ্ৰ ঘটনা ৰহস্য আৱৰ্তনত ।

লগতে পঢ়ক : Jammu and Kashmir : জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীচালনা;নিহত দুজন