Government has waived microfinance loans : ৩ লাখ মহিলাৰ বাবে মাইক্ৰ’ফাইন্যেন্সৰ ঋণ ৰেহাই দিলে চৰকাৰে

নিউজ ডেস্ক, ২৩ছেপ্টেম্বৰ : পুনৰ ৰাজ্য চৰকাৰে সকাহ দিলে মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা হিতাধিকাৰীসকলক । AMFIRSৰ অধীনত তৃতীয় পৰ্যায়ত হিতাধিকাৰীক সকাহ প্ৰদান কৰে ৰাজ্য চৰকাৰে। ৩লাখ মহিলাৰ বাবে মাইক্ৰ’ফাইন্যেন্সৰ ঋণ ৰেহাই দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে(government has waived microfinance loans )।
শীঘ্ৰেই ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। ৩লাখ মহিলাৰ বাবে মাইক্ৰ’ফাইন্যেন্সৰ ঋণ ৰেহাই দিলে চৰকাৰে । চৰকাৰে বেংকক ওভতাই দিলে এই তিনিলাখ মহিলাৰ ঋণ ।
১১ অক্টোবৰৰ পৰা জিলাই জিলাই লাভ কৰিব ‘ন’ অবজেক্যশ্যন চাৰ্টিফিকেট ‘ । ঋণ মাফ হোৱা মহিলাই নতুনকৈ ল’ব পাৰিব বেংকৰ লোণ। ঋণ মাফৰ NOC দিয়াৰ বাবেই নতুনকৈ ঋণৰ বাবে আবেদন কৰিব পাৰিব ।২৫হাজাৰ টকালৈ ঋণ লোৱাৰ মহিলাৰ ১০০ শতাংশ ঋণ প্ৰদান কৰিলে চৰকাৰে । ইয়াৰ পিছত পৰ্যায়ত ৫০হাজাৰ ঋণ লোৱাৰ মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে(Government has waived microfinance loans) ।
৩১মাৰ্চ ২০২১চনলৈ ঋণ লোৱাসকল ঋণ মাফৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে । নতুনকৈ ঋণ লোৱাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম ।
লগতে পঢ়ক :Silchar NIT student protest : প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি ৰ ছাত্র আন্দোলন