WATCH | Gossaigaon News : ধৰ্মীয় সংখ্যালঘু পৰিষদৰ অন্থাইবাৰী আঞ্চলিক সমিতি গঠন
গোঁসাইগাঁও,২মাৰ্চ : গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত অন্থাইবাৰীত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চমুকৈ (আৰ এম চিৰ )কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্য্যালয়ত গোঁসাইগাওঁ জিলা সমিতিৰ সভাপতি ছাইদুল ইছলাম সভাপতিত্বত এখন সাধাৰণ সভাৰ জৰিয়তে আৰু ৰাইজৰ সৰ্বসন্মতি মৰ্মে অন্থাইবাৰী আঞ্চলিক সমিতি গঠন কৰা হয়(Gossaigaon News)।
আঞ্চলিক সমিতিৰ সভাপতি মহিথিৰ মক্কাদ্দেছ সেখ আৰু সাধাৰণ সম্পাদক মোজাম্মেল হক লৈ ৩১ জনীয়া এখন আঞ্চলিক সমিতি খন গঠন কৰা হয়।
উক্ত সভাত উপস্থিত থাকে আৰ এম চিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ছানোৱাৰ হোছেইন আৰু লগতে গোঁসাইগাঁও জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু ৰাইজ সকলে উপস্থিত থাকে।