Local, Vocal, Global

Watch | Goru bihu celebrations: আজি অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু

দেৰগাওঁ: ”লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু ”।আজি অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে দেৰগাওঁ ইকৰাণি গাঁৱৰ স্থানীয় ৰাইজে গৰু বিহুৰ উদযাপন কৰিছে। মা হালধী সাতমপুৰুষীয়া ৰীতি নীতি মানি লাও,বেঙেনা, হালধিৰে গৰুক গা ধুৱাবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰা লগতে এফাকি বিহু গাইছে।