Local, Vocal, Global

WATCH | Goreswar News : আৰম্ভ হ’ল বেঙেনাআটী সত্ৰ সবাহ

গোৰেশ্বৰ,২০এপ্ৰিল : তামুলপুৰ জিলাৰ গোৰেশ্বৰত ৫ ব’হাগৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচী অনুষ্ঠিত হৈছে বেঙেনাআটী সত্ৰ সবাহ ।

প্ৰণিধানযোগ্য যে ১৭৪৩ খৃঃ(১৮২১ চন) ত মানৰ তৃতীয় আক্ৰমণত মাজুলীৰ সত্ৰাধিকাৰ পলাই পতং দিবলগীয়া হৈছিল । মানৰ এই আক্ৰমণত সত্ৰাধিকাৰে উপায়ন্তৰ হৈ সত্ৰাধিকাৰ সহিতে প্ৰায় শতাধিক ভকত, বৈষ্ণৱ লৈ ব্ৰহ্মপুত্ৰৰ নদীৰে ভতিয়াই আহি উত্তৰ গুৱাহাটীৰ পৰা ভূটানলৈ বুলি ৰাওনা হয় । তিনিদিন তিনি ৰাতি খোজকাঢ়ি অহা সত্ৰাধিকাৰ আৰু ভকত, বৈষ্ণৱ ভাগৰি পৰাত অভিভক্ত কামৰূপ জিলা বৰ্তমান বিটিআৰৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ওখ ঠাই এডোখৰত চাউনী পাতি আশ্ৰয় লয় ।

এই চাউনীত থকাৰ সময়ত অৰ্থাৎ ১৭৪৪খৃঃ( ১৮২২চনত) ৰ ৫ বহাগত এগৰাকী আই মাতৃৰ এগৰাকী পুত্ৰ সন্তান জন্ম লাভ কৰে । এই দেৱশিশুৰ নাম আছিল কৃষ্ণৰাম দেৱ । সত্ৰাধিকাৰৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰ লগে লগে বনজুইৰ দৰে বিয়পি পৰে আৰু দেৱশিশুটিৰ মংগল কামনা কৰি অঞ্চলৰ পুৰুষ, মহিলাই আনন্দত আত্মহাৰা হৈ বন্তি প্ৰজ্বলন কৰে(Goreswar News)।

সেইদিন ধৰি আজিলৈকে বেঙেনাআটি সত্ৰত ৫ ব’হাগত আৰিয়া দিয়াৰ প্ৰথা চলি আহিছে । আৰিয়া দিয়া লোকসকলক সত্ৰাধিকাৰে মিঠাই খুৱাৰ উদ্দেশ্যৰে জিলেপি বনাইছিল । তেতিয়াৰ পৰাই আজি দুইশ বছৰ ধৰি আৰিয়া দিয়া প্ৰথা চলি আহিছে । প্ৰবাদ আছে এই সত্ৰত ৫ ব’হাগত যিজন ব্যক্তিয়ে আৰিয়া দিয়ে তেওঁৰ হেনো মনোকামনা পূৰ্ণ হয় । সতী, সন্তান, ধন, দৌলত, মাটি, সম্পত্তি কৰি যিয়ে যি বিচাৰে তাকে পাবলৈ সমৰ্থক হয় । প্ৰবাদ আছে যে এজন মুছলমান ব্যক্তিয়ে বিবাহৰ বহু বছৰ ধৰি সন্তান লাভ কৰা নাছিল, কিন্তু যেতিয়া এই সত্ৰত একে লেঠাৰিয়ে তিনি বছৰ আৰিয়া দিয়াৰ পিছৰ বছৰতে এজন পুত্ৰ সন্তান লাভ কৰে । এই লোকবিশ্বাস সৰোগৰ কৰি আজি বছৰ বছৰ ধৰি বেঙেনাআটি সত্ৰত ৫ বহাগত গোৰেশ্বৰ , নাওকাটা, মহৰিপাৰা, মুক্তাপুৰ অঞ্চলৰ উপৰিও দৰং, ওদালগুৰি, নলবাৰী, গুৱাহাটীৰ পৰা শ শ লোকে আৰিয়া দি আহিছে ।

লগতে পঢ়ক : WATCH | Akhil Gogoi : কিয় পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’ল ৰাইজৰ দলৰ