WATCH | Goreswar News : গোৰেশ্বৰৰ NRDS মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ
গোৰেশ্বৰ,৮এপ্ৰিল : গোৰেশ্বৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ। শিবিৰটো উদ্বোধন কৰে গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইদে।
বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সহযোগত আৰু NRDS Management PVT. Limited ৰ উদ্যোগত আজি NRDS মহাবিদ্যালয়ত এই বিনামূলীয়া চিকিৎসা শিবিৰ অনুস্থিত কৰা হয়(Goreswar News)।
উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজলন কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়োৱে।
অনুষ্ঠানত উপস্থিত থাকে চিকিৎসক আমিৰুল হক, ইনামূল হক চৌধুৰী, গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মা NRDS Management PVT. Limitedৰ সঞ্চালক তথা সমাজ সেৱক দেৰহাছাৰ নাৰ্জাৰী আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Waqf Act 2025: ৱাকফ সংশোধনী আইনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি