Local, Vocal, Global

WATCH | Goreswar News : দিগন্ত কলিতাৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছী মতলেবউদ্দিন আহমেদ

গোৰেশ্বৰ,৩এপ্ৰিল : দিগন্ত কলিতাৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছী মতলেবউদ্দিন আহমেদ ।

বিধায়ক কলিতাই ভোটৰ স্বাৰ্থত ৰাইজক ব্যৱহাৰ কৰা বুলি মতলেবউদ্দিন আহমেদে গুৰুতৰ অভিযোগ কৰে।

আহমেদে কয়, ৰাইজে ভোট দিয়াৰ কাৰণেই বিজেপি জিকিছে। গতিকে শাসনত থকাৰ পিছত গণতন্ত্ৰত এইদৰে ভোট বিচাৰিব নাপায় ।

গোৰেশ্বৰৰ সমীপৱৰ্তী মহাজনপাৰাৰ পলাশৰতলত জ্যেষ্ঠ কংগ্ৰেছী মতলেবউদ্দিন আহমেদে দলীয় কৰ্মীসকলৰ লগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰাৰ অন্তত এইদৰে বিজেপি বিধায়ক গৰাকীৰ সমালোচনাত সৰৱ হৈ পৰে(Goreswar News)।

উল্লেখ্য যে, কমলপুৰ বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ মতলেবউদ্দিন আহমেদে দলৰ ভেটি শংক্তশালী কৰাৰ বাবে পলাশৰতল, সেপকুছি,গাছবাৰী সূতাৰগাঁও,হালধা আদি অঞ্চলৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত মিলিত হৈ বিজেপিৰ সম্প্ৰদায়িক ৰাজনীতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলায়।

লগতে পঢ়ক : WATCH | Nagaon News: নগাঁৱত এইবাৰ প্ৰৱঞ্চনাৰে লুটি নিলে শ্ৰমিকৰ ধন