WATCH | Goreswar News : গোৰেশ্বৰত ‘বিহু সুৰক্ষা সমিতি,অসম”ৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

গোৰেশ্বৰ,১০মাৰ্চ : গোৰেশ্বৰত পূৰ্ন গতিত চলিছে বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি। আজি তামুলপুৰৰ গোৰেশ্বৰত স্থাপন অধিৱেশনৰ লাইখুটা। লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতি হৰকাকান্ত হাজৰিকাই । অহা ২৯,৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন(Goreswar News)।
অধিৱেশনত সমবেত হ’ব ৰাজ্যৰ প্ৰতিখন জিলাৰ সহশ্ৰাধিক প্ৰতিনিধিৰ লগতে অঞ্চলটোৰ লক্ষাধিক লোক । অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু,বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
তিনিদিনৰ কাৰ্যসূচী সফল কৰিবলৈ সকলো ৰাইজৰ সহযোগীতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই ।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰৰ সমীপৱৰ্তী বাঙালীপাৰাত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড