Local, Vocal, Global

WATCH | Goreswar News : গোৰেশ্বৰৰ সমীপৱৰ্তী বাঙালীপাৰাত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

গোৰেশ্বৰ,১০মাৰ্চ : গোৰেশ্বৰৰ সমীপৱৰ্তী বাঙালীপাৰাত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড।

গাঁৱখনত বাঁহৰ খুটাৰে বিপজ্জনকভাবে স্থাপন কৰা হৈছে বিদ্যুৎ সংযোগ(Goreswar News)।

যিকোনো মুহূৰ্ত্তত ভয়ংকৰ বিপদৰ সন্মূখীন হোৱাৰ আশংকা স্থানীয় ৰাইজৰ।

তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঙালীপাৰত বৰ্তমান এইদৰেই চলিছে ৰঙিয়া বিদ্যুৎ সংমণ্ডলৰ বিদ্যুৎ সৰবৰাহ।

বাঁহৰ খুটা আৰু ভগা বৈদ্যুতিক খুটাৰে জোৰা টাপলি মাৰি গাঁৱখনত দিয়া হৈছে বিদ্যুৎ সংযোগ।

বাঁহৰ খুটাৰ পৰিবৰ্তে বৈদ্যুতিক খুটা পুতি বিদ্যুৎ যোগান ধৰিবলৈ স্থানীয় বিধায়ক আৰু ৰঙিয়া বিদ্যুৎ সংমণ্ডলত আবেদন কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ গাঁওখনৰ ৰাইজৰ।

বিভাগটোৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ গাফিলতি আৰু চুড়ান্ত হেমাহিৰ বাবে সমাগত চ’ত,বহাগ মাহত অহা ধুমুহা-বৰষুণত পঁচা বাঁহৰ খুটা ভাগি ভয়ংকৰ বিপদ হোৱাৰ আশংকা কৰিছে গাঁওখনৰ ৰাইজে।

সেয়ে অতি শীঘ্ৰে বাঙালীপাৰাত বাঁহৰ খুটাৰ পৰিবৰ্তে বৈদ্যুতিক খুটা স্থাপন কৰিবলৈ ৰাইজে দাবী জনাইছে।

লগতে পঢ়ক :WATCH | Nagaon News : নগাঁৱৰ ৰসৰাজ বেজবৰুৱা মঞ্চত ব্ৰাহ্মণগাঁওত সংগীতমৰ উদ্যোগত ভূপেন্দ্ৰ মেল ২ ৰ আয়োজন