Local, Vocal, Global

WATCH | Goreswar News: গোৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাইখুটা স্থাপন

গোৰেশ্বৰ,২মাৰ্চ : গোৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাইখুটা স্থাপন।

শৰণীয়া কছাৰী জনগোষ্ঠীৰ উপাস্য দেবতা বাঁহ গোঁসাই উৎসৱ উপলক্ষে আজি গোৰেশ্বৰৰ বেতনাৰ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত মূল ৰভাৰ লাইখুটা স্থাপন কৰা হয়।

সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ কিশোৰ কুমাৰ দাসে(Goreswar News)।

আনহাতে গোঁসাই ঘৰৰ লাইখূটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি লোকশ্ৰী সোণবৰ বৰুৱাই।দুয়োটা কাৰ্যসূচীত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা, সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াকে ধৰি জনগোষ্ঠীটোৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে অহা ১৮,১৯ আৰু ২০ এপ্ৰিলত তিনিদিনীয়াকৈ কেন্দ্ৰীয়ভাবে অনুষ্ঠিত হব বাঁহ গোঁসাই উৎসৱ ।এই উৎসৱৰ লগত সংগতি ৰাখি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বি বাৰ্ষিক অধিবেশনখনো অনুষ্ঠিত হব ।

লগতে পঢ়ক :WATCH | Guwahati News: মহানগৰীৰ গনেশগুৰিত নতুনকৈ মুকলি হ’ল হাজৰিকা ইলেকট্ৰিকেল