WATCH | Goreswar News : গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন
গোৰেশ্বৰ,২৩জুন : গোৰেশ্বৰৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত এখন সভাত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৭৫ শতাংশ নম্বৰ লৈ উক্তীৰ্ণ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ,কলম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়(Goreswar News)।
প্ৰাক্তন ছাত্ৰ নেতা দ্বীপেন শৰ্মাই আঁতধৰা তথা গোৰেশ্বৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপম ৰাজবংশীয়ে সভাপতিত্বত অনুষ্ঠিত সভাত গোৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা ড’ বন্দনা শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ -ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে খেলা ধূলাৰ লগতে অধ্যয়নত অধিক ব্ৰতী হবলৈ আহ্বান জনায়।
সভাত গোৰেশ্বৰ এনআৰডিএছ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূপেশ ভাগৱতী, গোৰেশ্বৰৰ অভিযন্তা কূলদীপ ৰাজবংশী আৰু আছুৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলঙত উদ্ধাৰ মহৰ ঠেং