WATCH | Goreswar News : গোৰেশ্বৰত চিপিআই (এম)ৰ জিলা সমাৱেশ
গোৰেশ্বৰ,২৩জুন : গোৰেশ্বৰত চিপিআই (এম)ৰ জিলা সমাৱেশ। সমাবেশত উপস্থিত বিধায়ক মনোৰঞ্জন তালুকদাৰ।
তামুলপুৰ জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত সমাবেশত অংশ গ্ৰহণ কৰাৰ অন্তত সাংবাদ মাধ্যমৰ আগত বিধায়ক তালুকদাৰে কয় – আমি বিজেপিক বাদ দি নিৰ্বাচন খেলিব বিচৰা দলৰ সৈতে আসন বুজাবুজি কৰি নিৰ্বাচন খেলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো। আমি আঞ্চলিক দলৰ লগত ঐক্যবদ্ধ হ’ব বিচাৰিছো আৰু কংগ্ৰেছ দলৰ লগতো কথা বতৰা পাতি আছো। বিজেপিক পৰাভূত কৰিবলৈ হলে অন্যান্য দলৰ লগতে বৃহত্তম দল কংগ্ৰেছৰ লগত বুজাপৰালৈ আহিবই লাগিব(Goreswar New)।
চি পি আই (এম )ৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক বাপুৰাম বড়োৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা তথা কৃষক নেতা কৰুণা কান্ত ভূঞাৰ পৰিচালনাত অনুষ্ঠিত সমাবেশত দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে মূখ্য বক্তা হিচাপে উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ভাষণ দিয়ে।
সমাবেশত বডোলেণ্ডত বসবাস কৰা সকলো জাতিজনগোষ্ঠীক সম অধিকাৰ প্ৰদান কৰা, গোৰেশ্বৰ ৰে’লগেটত উৰণীয়া সেতু নিৰ্মাণ কৰা, মাটিৰ পট্টা দিয়া,গোৰেশ্বৰ-ৰামছা -তামুলপুৰ পথৰ পুঠিমাৰী নদীৰ ওপৰত দলং নিৰ্মাণ কৰা,শৰণীয়াসকলক পূৰ্বৰ দৰে জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা আদি কেইবাটাও সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।
লগতে পঢ়ক :WATCH | Teok News : মুখা শিল্পৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰিছে টীয়কৰ দিপাংকৰ গগৈ