WATCH | Goreswar News : গোৰেশ্বৰৰ মহৰিপাৰাত বিদ্যালয় চৌহদৰ দেৱাল নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ

গোৰেশ্বৰ,২২জুন : গোৰেশ্বৰৰ মহৰিপাৰাত বিদ্যালয় চৌহদৰ দেৱাল নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰে কাম আধৰুৱাকৈ থৈ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ।
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সমীপবৰ্তী মহৰিপাৰাত থকা উত্তৰ বেতনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ দেৱাল নিৰ্মাণত চক্ৰ বড়ো নামৰ ঠিকাদাৰজনে এই দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰুৱাকান্ত ব্ৰহ্মই(Goreswar News)।
বৰুৱাকান্ত ব্ৰহ্মই অভিযোগ কৰা মতে, যোৱা বৰ্ষত ঠিকাদাৰ চক্ৰ বড়োই দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু ঠিকাদাৰজনে মাত্ৰ ৫০শতাংশ কাম কৰি বাকীখিনি কাম আধৰুৱাকৈ থৈ দিয়ে।
কামৰ বাবদ ইতিমধ্যে ৫০লাখ টকা মোকলাই দিছে যদিও ধূৰন্ধৰ ঠিকাদাৰজনে বাকী কামখিনি সম্পূৰ্ণ নকৰাকৈ আঁচনিৰ ধন আত্মসাৎ কৰে। ফলত বিদ্যালয়খনৰ চৌহদৰ বহুখিনি ঠাই উন্মুক্ত হৈ আছে। দেৱাল নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ অনা ইটা,শিল আৰু বালি বৰ্তমানো বিদ্যালয়খনৰ কাষত পৰিত্যক্ত অৱস্থাত আছে বুলি অভিযোগ কৰি অৱসৰী প্ৰধান শিক্ষকগৰাকীয়ে এই দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
লগতে পঢ়ক : WATCH | Bilasipara Protest : বিলাসীপাৰাত নৈ পৰীয়া ৰাইজৰ উত্তাল প্ৰতিবাদ