Local, Vocal, Global

WATCH | Goreswar News : গোৰেশ্বৰত চিকিৎসা সেৱাৰ নামত ভেকোভাওনা

গোৰেশ্বৰ,১৮জুন : গোৰেশ্বৰত চিকিৎসা সেৱাৰ নামত ভেকোভাওনা । গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুবছৰ ধৰি নাই স্থায়ী চিকিৎসক। ফাৰ্মাছিষ্টে চলাই থকা স্বাস্থ্য কেন্দ্ৰটোত চলিছে চৰম অৰাজকতা।
ঔষধৰ ষ্টক আৰু বিতৰণৰ তথ্য ৰেজিষ্টাৰ বহীত সম্পূৰ্ণকৈ লিপিবদ্ধ নকৰা ফাৰ্মাচীষ্টক গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ ধমক। ৰেজিষ্টাৰত সঠিককৈ তথ্য লিপিবদ্ধ কৰিবলৈ চক্ৰ বিষয়াই ফাৰ্মাছিষ্ট মেহেৰ আলমক দিলে তিনি দিনৰ সময়।

গোৰেশ্বৰৰ সৰুফুলচকীত থকা স্বাস্থ্য কেন্দ্ৰটোত ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত আছিল নূৰ ইছলাম নামৰ চিকিৎসকজন । কিন্তু প্ৰায় দুবছৰ পূৰ্বে তেওঁ Attachmentত গাড়িগাৱৰ এখন চিকিৎসালয়লৈ গুচি যায়। পৰৱৰ্তী সময়ত Internship খাটি থকা চিকিৎসক এজনে কেন্দ্ৰটো চলাই আছিল যদিও এবছৰ সম্পূৰ্ণ হোৱাত এই চিকিৎসকজনো ইয়াৰ পৰা গুচি যায়(Goreswar News)।

বৰ্তমান মেহেৰ আলম নামৰ ফাৰ্মাছিষ্টজনেই কেন্দ্ৰটো চলাই আছে যদিও কেন্দ্ৰটোত চলিছে চৰম অৰাজকতা। কিয়নো ফাৰ্মাছিষ্ট মেহেৰ আলমে ঔষধৰ ষ্টক আৰু বিতৰণৰ সবিশেষ তথ্য ৰেজিষ্টাৰ বহীত সম্পূৰ্ণকৈ লিপিবদ্ধ নকৰাৰ তথ্য পোহৰলৈ আহিছে।

গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হৈ ফাৰ্মাছিষ্টজনক ঔষধৰ ষ্টক আৰু বিতৰণৰ বিষয়ে সোধা পোচা কৰাৰ লগতে নিজে ৰেজিষ্টাৰ বহী পৰীক্ষা কৰাত এই গাফিলতি ধৰা পৰে। ইফালে ম্যাদ উকলি যোৱা বহু পৰিমাণৰ ঔষধ পুতি থোৱাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ কথা জানিব পাৰি চক্ৰ বিষয়াগৰাকী ক্ষুব্ধ হৈ পৰে।

এনেবোৰ গাফিলতিৰ বাবে চক্ৰ বিষয়া ত্ৰিলিনা টাইডে ফাৰ্মাছিষ্ট মেহেৰ আলমক ধমক দিয়ে আৰু তিনি দিনৰ ভিতৰত ঔষধৰ ষ্টক আৰু বিতৰণৰ সকলো তথ্য ৰেজিষ্টাৰ বহীত সম্পূৰ্ণকৈ লিপিবদ্ধ কৰিবলৈ সময় দিয়ে। কেন্দ্ৰটোত চলি থকা এনে অৰাজকতা আৰু অচলাৱস্থাৰ দূৰ কৰিবৰ বাবে স্থানীয় ৰাইজে শীঘ্ৰে কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ চক্ৰ বিষয়া গৰাকীক অনুৰোধ জনায়।

লগতে পঢ়ক : WATCH | Youth Goes Missing : ৯ জুনৰ পৰা সন্ধানহীন মঙলদৈৰ জিন্টু মনি নাথ