Local, Vocal, Global

WATCH | Goreswar News : ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে বন্ধ হৈ পৰিল বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ

গোৰেশ্বৰ,৪জুন : ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে বন্ধ হৈ পৰিল বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ। গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োৰ কামক লৈ অসন্তুষ্ট সমষ্টিবাসী।

উন্নয়নৰ ধাক ঢোল বজাই থকা বিটিঅআৰ প্ৰধান প্ৰমোদ বড়োৰ এয়া উন্নয়নৰ নমুনা, কাণষাৰ নাই গোৰেশ্বৰৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োৰ। প্ৰকৃততে উন্নয়নৰ নামত ব্যৰ্থ বিটিআৰ চৰকাৰৰ লগতে গোৰেশ্বৰৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়ো(Goreswar News)।

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়োক বাৰম্বাৰ আবেদন কৰাৰ পিছতো কেন্দ্ৰটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

১৯৯৯ চনত অগপ চৰকাৰৰ আমোলত গুৰমৌত প্ৰতিষ্ঠা কৰা কেন্দ্ৰটোত ষ্টেনোগ্ৰাফাৰ, প্লাম্বাৰ,কাৰ্পেন্তাৰ,কাটিং এণ্ড এম্ৰোডাৰী আদি বিষয়ত প্ৰশিক্ষণ দিয়া হৈছিল বিভিন্ন প্ৰান্তৰ যুৱক- যুৱতীসকলক। কিন্তু কেন্দ্ৰীয় চৰকাৰৰে প্ৰয়োজনীয় পুঁজি সময়মতে যোগান নধৰাৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে ২০১৯চনৰ মে মাহত বন্ধ ঘোষণা কৰে এই কেন্দ্ৰটো।

পৰবৰ্তী সময়ত প্ৰশিক্ষণ কেন্দ্ৰটো কাৰ্যক্ষম কৰিবলৈ ৰাজ্য আৰু বিটিআৰ চৰকাৰক কেইবাবাৰো আবেদন কৰে কেন্দ্ৰটোৰ প্ৰশিক্ষকসকলে। কিন্তু ইয়াৰ পিছতো বিশেষকৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু এমচিএলএ পৱিত্ৰ কুমাৰ বড়োৱে হ’ব বুলি পিছুৱাই ৰাখে এই বিষয়টো। ফলত বৃত্তিমূলক প্ৰশিক্ষণ গ্ৰহণৰ পৰা বঞ্চিত হয় গুৰমৌকে ধৰি ইয়াৰ ওচৰে পাজৰে থকা অঞ্চলসমূহৰ আগ্ৰহী যুৱক-যুৱতীসকল। সেয়ে বন্ধ হৈ থকা বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰটো শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ স্থানীয় ৰাইজে ৰাজ্য আৰু বিটিআৰ চৰকাৰক দাবী জনাইছে।

লগতে পঢ়ক : WATCH | North Guwahati : কাইলৈ উদ্বোধন হ’ব লাভলীনা বক্সিং একাডেমী