Local, Vocal, Global

WATCH | Goreswar News : BTR নিৰ্বাচনত ১০টা সমষ্টিত নিৰ্বাচন খেলিব অগপই

গোৰেশ্বৰ,১জুন : BTR নিৰ্বাচনত ১০টা সমষ্টিত নিৰ্বাচন খেলিব অগপই। একলা চলো নীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হ ‘ব আঞ্চলিক দলটোৱে।

গোৰেশ্বৰত এখন সংবাদ মেলত এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰে অগপৰ কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা BTR নিৰ্বাচনৰ ৯জনীয়া কৰ্ণাধৰ সমিতিৰ আহ্বায়ক পৰেশ বৈশ্যই(Goreswar News)।

সংবাদ মেলত আহ্বায়ক বৈশ্যই সদৰি কৰা মতে BTR নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগীয়া পৰিষদীয় সমষ্টি কেইটা হ’ল – মুদৈবাৰী ,মথনগুৰি, নাগ্ৰীজুলি, ধনশ্ৰী, ছালেকাটি, দিহিৰা, থুৰিবাৰী, ৫নং ছেৰফাং, বাওফুংগুৰি আৰু শ্ৰীৰামপুৰ । অগপৰ সাংগঠনিক ভেটি পূৰ্বৰ দৰে সুদৃঢ় কৰাৰ লগতে বিটিআৰৰ সকলো জনগোষ্ঠীৰ সম অধিকাৰ, মৰ্যদা আৰু সুশাসনৰ জৰিয়তে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সপোন সেই সপোন বাস্তৱ ৰূপ দিয়াত সহায় কৰাৰ বাবে অগপ দলে নিৰ্বাচনত অবতীৰ্ণ হব বুলিও সংবাদ মেলত পৰেশ বৈশ্যই উল্লেখ কৰে।

লগতে পঢ়ক : WATCH | Jorhat News : সাৱধান! এইবাৰ FRES নামৰ বিশুদ্ধ খোৱাপানীৰ বটলত ওলাল বিষাক্ত দ্ৰব্য