WATCH | Goreswar News : এবছুৰ সভাপতি দ্বীপেন বড়োই সংগঠন ত্যাগ কৰি ৰাজনীতি যোগদান কৰিব নেকি?
গোৰেশ্বৰ,২৪,মে’ : গোৰেশ্বৰ বিষ্ণুৰাভা ভৱনত এবছুৰ উদ্যোগত ১৯ সংখ্যক কমল কৃষ্ণ ব্ৰহ্ম বিজয়ী বঁটা অনুষ্ঠান।
এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংগঠন ত্যাগ কৰি ৰাজনীতিলৈ যাব নেকি বুলি চৰ্চা চলি থকা সন্দৰ্ভত সভাপতি বড়োৰ প্ৰতিক্ৰিয়া।
‘মই ৰাজনীতিলৈ যোৱাতো চৰ্চা হ’ব পাৰে। বিভিন্ন জনে এই বিষয়ে ক’ব পাৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো মই ৰাজনীতিত যোগদানৰ সম্ভাৱনাৰ কথা কৈছে(Goreswar News)।
কিন্তু মই বৰ্তমান নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ। মই যিহেতু জাতীয়বাদ আৰু জাতি সত্বাকলৈ কাম কৰি আছো। গতিকে এতিয়ালৈকে সেই প্ৰসংতো অহা নাই। সময়ত মই এই বিষয়ে নিজেই কম’- দ্বীপেন বড়ো।
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বিষ্ণু ৰাভা ভৱনত এবছুৰ উদ্যোগত অনুষ্ঠিত ১৯ সংখ্যক কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকাৰ অন্তত সংবাদ মাধ্যমৰ আগত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সভাপতি বড়োৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেলেংকাৰী সন্দৰ্ভতো মন্তব্য কৰে। লগতে উচিত তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে, বড়ো মাধ্যমত অধ্যয়ন কৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ দহটা স্থান লাভ কৰা শিক্ষাৰ্থীসকলক ১৯ সংখ্যক কমল কুমাৰ ব্ৰহ্ম বটা প্ৰদান কৰা হয়।
সভাত অসম ৰজ্যিক শিক্ষা পৰিষদৰ উপাধ্যক্ষ ৰুক্ম গোহাই বৰুৱা, অসম জাতীয় বিদ্যালয়ৰ পৰিচালক দিলিপ কুমাৰ দত্ত চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু এবছুৰ বিষয়ববীয়া উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : বক্সিং খেলিবলৈ সাজু গৌৰৱ গগৈ