Local, Vocal, Global

WATCH | Goreswar News : ”উন্নয়নৰ নামত ঢাক ঢোল বজায় থাকে বিজেপি-ইউপিপিএলে”

গোৰেশ্বৰ,১৮মেট : বিৰোধীক তুলা ধুণা বিপিএফৰ প্ৰাক্তন ইএম গণেশ কছাৰীৰ। উন্নয়নৰ নামত ঢাক ঢোল বজায় থাকে বিজেপি-ইউপিপিএলে।

জৰাজীৰ্ণ পথ মেৰামতি কৰাক কেন্দ্ৰ কৰি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত বিপিএফৰ প্ৰাক্তন ইএম গণেশ কছাৰীয়ে কয় – ‘বিপিএফ দল ৰাজনীতিৰ লগত জড়িত। গতিকে আমি ৰাজনীতি কৰো। কিন্তু ৰাজনীতিৰ নামত আমি ৰাজনীতি কৰা নাই। আমি উন্নয়নৰ স্বাৰ্থত ৰাজনীতি কৰিছোঁ। আমি ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰিছোঁ।’ কিন্তু তেওঁলোকৰ দৰে আমি প্ৰলোভোনৰ ৰাজনীতি কৰা নাই ।’

উল্লেখ্য যে গোৰেশ্বৰৰ সমীপৱৰ্তী গান্ধীচকৰ পৰা বাঙালীপাৰালৈ বিধ্বস্ত হৈ পৰা পথটো যোৱা পাঁচবছৰ ধৰি শাসনাধিষ্ট বিজেপি আৰু ইউপিপিএল চৰকাৰে মেৰামতি নকৰাৰ অভিযোগ কৰি বিপিএফৰ প্ৰাক্তন ইএম গণেশ কছাৰীয়ে নিজে উদ্যোগলৈ শিল,বালি পেলাই মেৰামতিৰ ব্যৱস্থা কৰে(Goreswar News)।

ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য কৰি গণেশ কছাৰীয়ে শুকুৰবাৰৰ পৰা দুদিন ধৰি ডাম্পাৰেৰে শিল,বালি পেলাই বিধ্বস্ত পথচোৱা জেচিবিৰে মেৰামতিৰ ব্যৱস্থা কৰে। এই কাৰ্যত দলৰ একাংশ কাৰ্যকৰ্তাই তেওঁক সহযোগ কৰে। কিন্তু ইয়াকে লৈ বিজেপি,ইউপিপিএলৰ একাংশ কাৰ্যকৰ্তাই গণেশ কছাৰীক পথ মেৰামতি কৰি ৰাজনীতি কৰা বুলি সমালোচনা কৰাত বিপিএফৰ প্ৰাক্তন ইএম গৰাকীয়ে বিৰোধীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে।

লগতে পঢ়ক : WATCH | Hatsingimari News : দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থকক আটক