WATCH | Goreswar News : নিৰুদ্দেশ মমী ৰাজবংশীৰ সন্ধান উলিওৱাৰ দাবীত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ

গোৰেশ্বৰ,৭মে’ : নিৰুদ্দেশ হৈ থকা মহিলা মমী ৰাজবংশীৰ সন্ধান উলিওৱাৰ দাবীত গোৰেশ্বৰ-নাওকাটা মূল ঘাই পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।
আৰক্ষীৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি উত্তেজিত ৰাইজৰ। সোমবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ থকা কলবাৰীৰ মহিলা মমী ৰাজবংশীৰ সন্ধান উলিওৱাৰ দাবীত কৰে এই উত্তাল প্ৰতিবাদ।
হাবিৰ মাজত তেজৰ চেকুৰা আৰু চুলি উদ্ধাৰ হোৱাৰ পিছত মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ(Goreswar News)।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িতৰ সন্দেহত সোধ পোচৰ বাবে আটক কৰে কল্যান ৰাজবংশী নামৰ এজন যুৱকক।
আটকাধীন যুৱকজন বিভিন্ন অসামাজিক কৰ্মৰে জড়িতৰ অভিযোগ ৰাইজৰ। মহিলাগৰাকীৰ সন্ধানত তৃতীয় দিনাও আৰক্ষী আৰু SDRFৰ মাৰাথান অভিযান অব্যাহত।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰত আটক দুই ড্ৰাগছ আসক্ত যুৱকক