WATCH | Goreswar News : বিধায়ক আমিনুল ইছলামে ভাৰত বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া
গোৰেশ্বৰ,২৮এপ্ৰিল : বিধায়ক আমিনুল ইছলামে ভাৰত বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া।
বিধায়ক,মন্ত্ৰী,সৰ্বোচ্চ পদবীত থকা ব্যক্তি আৰু সাধাৰণ নাগৰিক-আইন সকলোৰে বাবে সমান।
সাধাৰণ নাগৰিকৰ বাবে যি আইন হ’ব সাংবিধানিক পদত থকা সন্মানীয় বিধায়কৰ বাবেও আইন সমান হ’ব।
আইন কাৰো বাবে দুটা পক্ষ হ’ব নোৱাৰে(Goreswar News)।
দেওবাৰে নিশা গোৰেশ্বৰৰ সমীপৱৰ্তী ভুৰকাতলত জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মিলি ডেকাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত বিধায়ক দিগন্ত কলিতাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
বিধায়ক কলিতাই সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক জনোৱা প্ৰত্যাহ্বান সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
ইফালে ক্ষমা খোজাৰ আগতে কি ক’ব চিন্তা কৰি চাব লাগে বুলি মন্তব্য কৰি বিধায়ক অখিল গগৈক কটাক্ষ কৰে বিধায়ক কলিতাই।
লগতে পঢ়ক : WATCH | North Guwahati News : উত্তৰ গুৱাহাটীত হাতত পাণ বঁটা লৈ ভোটাৰৰ ঘৰে ঘৰে প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান