Goreswar News: গোৰেশ্বৰৰ বিশেষভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে স্থাপন কৰা ঈৰদা প্ৰায়োগিক বিজ্ঞান বিদ্যালয়ৰ অচলাৱস্থা
গোৰেশ্বৰ,১১ফেব্ৰুৱাৰী: গোৰেশ্বৰৰ নাওকাটাত বিশেষভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে স্থাপন কৰা ঈৰদা প্ৰায়োগিক বিজ্ঞান বিদ্যালয়ত অচলাৱস্থা।
অধ্যক্ষ ড° ৰমণী বৰ্মনৰ মইমতালিৰ বাবে শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ।৫ মাহে শিক্ষকসকলক দিয়া নাই দৰমহা।
নিজৰ আত্মীয় স্বজনক ন্যাসৰ সদস্য অন্তৰ্ভুক্ত কৰি ন্যাসৰ নামত অহা আৰ্থিক অনুদান অধ্যক্ষ বৰ্মনে হৰলুকি কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ।
তামুলপুৰ জিলাৰ নাওকাটাৰ নীজঝাৰগাঁৱত বিশেষভাৱে সক্ষম ল’ৰা ছোৱালীৰ সুবিধাৰ্থে স্থাপন কৰা ঈৰদা প্ৰায়োগিক বিজ্ঞান বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখনত বৰ্তমান চৰম অচলাৱস্থা চলি থকাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে বিদ্যালয়খন সঠিকভাবে পৰিচালনা কৰিবলৈ গঠন কৰা ন্যাসৰ অধ্যক্ষ ড° ৰমণী বৰ্মনে নিজৰ খেয়ালখুচি মতে কাম কৰাৰ বাবেই বিদ্যালয়খনৰ এই দশা হৈছে(Goreswar News)।
অধ্যক্ষ ড° বৰ্মনে বিদ্যালয়খনৰ হোষ্টেলত অদ্যপি গঢ়ি তোলা নাই নিৰাপত্তা ব্যৱস্থা,নাই চিচিটিভি কেমেৰা,কাৰেণ্ট গ’লে আৱাসীসকলে থাকিব লাগে অন্ধকাৰত।
তদুপৰি যোৱা ৫ মাহ ধৰি ইয়াৰ শিক্ষকসকলক দিয়া নাই দৰমহা। যাৰ ফলত শিক্ষকসকলে নিয়মীয়াকৈ পাঠদান কাৰ্য চলাই নিয়াত অসুবিধাৰ সন্মুখীন হব লগা হয়।
কেৱল সিমানেই নহয় নিজৰ আত্মীয় স্বজনক ন্যাসৰ সদস্য অন্তৰ্ভুক্ত কৰি বিদ্যালয়খন পৰিচালনাৰ বাবে বিভিন্ন উৎসৰ পৰা ন্যাসলৈ আগবঢ়োৱা আৰ্থিক অনুদান আত্মসাৎ কৰাৰো অধ্যক্ষ ড° ৰমণী বৰ্মনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে।
এনে কাৰণত স্থানীয় ৰাইজে দেওবাৰে এখন ৰাজহুৱা সভা আহ্বান কৰি অধ্যক্ষ ড° ৰমণী বৰ্মনক সভালৈ আমন্ত্ৰণ জনাইছিল যদিও সভাত উপস্থিত নাথাকিল। এনে পৰিস্থিতিত অহা ১৫ দিনৰ দিনা পুণৰ এখন সভা অনুষ্ঠিত কৰি অধ্যক্ষ বৰ্মনক বিদ্যালয় পৰিচালনাৰ হিচাপ দিয়াৰ লগতে শিক্ষানুষ্ঠানখনৰ অচলাৱস্থা দূৰ কৰিবলৈ আহ্বান জনাইছে।
অন্যথা ড° বৰ্মনক আৰু বিদ্যালয় পৰিচালনা কৰিবলৈ দিয়া নহ’ব বুলি সকিয়াই দিয়ে।
লগতে পঢ়ক :Smuggled oil seized in Bijni: বিজনীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল