নিবনুৱাৰ বাবে সুখবৰঃ ৰাজ্যত শীঘ্ৰেই নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষক

নিউজ ডেস্ক,১৯ মাৰ্চঃ নিবনুৱাসকলৰ বাবে ভাল খবৰ। শুকুৰবাৰে কলিয়াবৰত কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে যে,ৰাজ্যত শীঘ্ৰেই উচ্চতৰ মাধ্যমিক শাখাৰ২২ হাজাৰ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে৷ ১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত দিয়া হ’ব এই নিযুক্তি ৷
তদুপৰি মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কলিয়াবৰত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ কথাও সদৰি কৰে ৷
উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ বাজেটত কলিয়াবৰত এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল ।
এই খবৰৰ পিছতেই কলিয়াবৰৰ সকলো শিক্ষাৰ্থীকে উৎসাহিত কৰে।