Local, Vocal, Global

Good news for Railway employees: দুৰ্গাৰ পূজাৰ পূৰ্বে ৰে’ল কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,৫অক্টোবৰ : দুৰ্গাৰ পূজাৰ পূৰ্বে ৰে’ল কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। ৰে’ল কৰ্মচাৰীসকলৰ বাবে ‘প্ৰডাক্টিভিটি লিংকড বোনাচ’ (কামৰ ভিত্তিত দিয়া বোনাচ) ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ(Good news for Railway employees)।

বৃহস্পতিবাৰে ৰে’ল মন্ত্ৰী অশ্বিন বৈষ্ণৱে জনাই এই কথা ।ৰে’ল মন্ত্ৰী অশ্বিন বৈষ্ণৱে জনাই , ১১.৭২ লাখ ৰে’লকৰ্মীয়ে লাভ কৰিব এই বোনাচ।

ৰে’ল মন্ত্ৰণালয়ৰ ঘোষণা অনুসৰি, ‘প্ৰডাক্টিভিটি লিংকড বোনাচ’ হিচাপে ৭৮ দিনৰ বেতনৰ সমান বোনাচ পাব কৰ্মচাৰীসকলে। সূত্ৰৰ খবৰ, মুঠ ২,০২৯ কোটি টকা অনুমোদন কৰা হৈছে কৰ্মচাৰীসকলক বোনাচ দিয়াৰ বাবে। প্ৰায় ১২ লাখ ৰে’ল কৰ্মীয়ে লাভ কৰিব এই বোনাচ(Govt announces Rs 2,029 cr bonus for railway employees ahead of festive season)।

ৰে’লৱেৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে এই বোনাচ লাভ কৰিব। ট্ৰেক ৰক্ষণাবেক্ষণকাৰী, লোকো পাইলট, ট্ৰেন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেন, মিনিষ্ট্ৰিয়েল ষ্টাফ (মন্ত্ৰীসভাৰ সদস্য) আৰু অন্যান্য গ্ৰুপ এক্সচি কৰ্মচাৰীসকলক এই ধন প্ৰদান কৰা হ’ব। ৰে’ল কৰ্মচাৰীসকলক কামত উৎসাহ প্ৰদান কৰাৰ বাবেই এই বোনাচ দিয়া হয় বুলি জনাইছে ৰে’ল মন্ত্ৰণালয়ে।

লগতে পঢ়ক :Assam man Goes Missing In bangalore : বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ নগাঁও জিলাৰ আহমেদ আলী