Local, Vocal, Global

১ লাখ শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ, কোন বিভাগত কিমান পদ খালী?

নিউজ ডেস্ক, ১৬ মাৰ্চঃ আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। ১ লাখ চাকৰিৰ পৰা আৰম্ভ কৰি অন্যান্য বহুকেইটা বিষয়ৰ বাবে এইবাৰ বাজেট অত্যন্ত গুৰুত্বপূৰ্ণ। আজি বাজেটত বিত্তমন্ত্ৰীয়ে নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ সন্দৰ্ভত সবিশেষ দাঙি ধৰে।


বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে জনাই যে, ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।


ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পুৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে।