Local, Vocal, Global

সম্পন্ন হ’ল সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয় । মহাবিদ্যালয় খনৰ সোণালী জয়ন্তী বৰ্ষৰ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মহাবিদ্যালয় খনৰ খেল পথাৰৰ পৰা প্ৰায় ৭৫ টা সাংস্কৃতিক দলে শুভাযাত্ৰাত অংশগ্ৰহণ কৰে ।

সোণাৰি সমষ্টিৰ অন্তৰ্গত সোণাৰিত এইটোৱেই প্ৰথম বিশাল সাংস্কৃতিক শুভাযাত্ৰা হৈছে । সকলো জাতি বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰিছে মহাবিদ্যালয় খনৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাযাত্ৰাত । এই বিশাল সাংস্কৃতিক শুভাযাত্ৰাত প্ৰাক্তন ছাত্র বৰ্তমান যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ জিলাৰ উপায়ুক্ত পল বৰুৱা আদি কৰি বিভিন্ন জন শুভাকাংশী সকল । আৰু আজিৰ এই বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ শুভাৰম্ভ কৰে অসম খ‍্যাত লোক গীতৰ সাধক খগেন গগৈয়ে ।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষৰ সমৰণী অনুষ্ঠানটি আজি সামৰণি পৰে। আজিৰ কাৰ্যসূচী অনুসৰি পুৱা উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লোক শিল্পী তথা মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ খগেন গগৈয়ে।

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উদযাপন সমিতিৰ সভাপতি, সাংসদ তপন কুমাৰ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী তথা অন্যান্য বিশিষ্ট অতিথি সকলক আদৰণি জনোৱা হয়। সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল চন্দ্ৰ গগৈয়ে আদৰণি ভাষণ দিয়াৰ পিছত সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকায়।

সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি উপস্থিত থাকে। সভাত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।