Golap Tayeng went missing while working abroad : বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন চিলাপথাৰৰ গোলাপ টায়েং
নিউজ ডেস্ক,২৫ ফেব্ৰুৱাৰী : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Golap Tayeng went missing while working abroad )৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Golap Tayeng went missing while working abroad)।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । এইবাৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ এজন লোক । জানিব পৰা মতে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈছিল লোকজন । জানিব পৰা মতে বিগত কেইবাদিনৰ পৰা সন্ধাহীন হৈ লোকজন । সন্ধাহীন লোকজন গোলাপ টায়েং বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Morigaon youth missing from two days : দুদিন ধৰি নিৰুদ্দেশ মৰিগাঁৱৰ যুৱক কাছেম আলী