Golaghat Triple Murder : ৰাজ্য কঁপোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ অভিযুক্ত নজিবুৰৰ মাতৃ আৰু ভাতৃক গ্ৰেপ্তাৰ
নিউজ ডেস্ক, ২৭জুলাই : ২৪ জুলাইত দিন দুপৰতে সংঘটিত হোৱা ট্ৰিপল মাৰ্ডাৰৰ লোমহৰ্ষক ঘটনাৰ অভিযুক্ত নাজিবুৰৰ ভাতৃ হিজবুৰ আৰু মাতৃ ছালেহা বেগমক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
একেটা পৰিয়ালৰ ৩গৰাকী সদস্যক নৃশংসা ভাৱে হত্যা কৰাৰ অপৰাধত অভিযুক্ত নাজিবুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে।
ইতিমধ্যে এই নৃশংসা হত্যাকাণ্ডৰ ঘটনাৰ অনুসন্ধানৰ বাবে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে বৃহস্পতিবাৰে এটা ৮জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মৃন্ময় দাসৰ নেতৃত্বত এই অনুসন্ধান কাৰী দলটো গঠন কৰা হৈছে। আৰু বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্ত নাজিবুৰৰ ভাতৃ হিজবুৰ আৰু মাতৃ ছালেহা বেগমক গ্ৰেপ্তাৰ কৰে । ইফালে চি আই ডিৰ দলে আজিও ঘটনাস্থলীলৈ গৈ তথ্য প্ৰমাণৰ সন্ধান কৰে।
ৰাজ্য জোকাৰি যোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডই উন্মোচন কৰিছে ন ন তথ্য(Golaghat Triple Murder)প্ৰেম বিবাহৰ পৰা হত্যাকাণ্ডলৈ হত্যাকাৰী নাজিবুৰ ৰহমানৰ ওপৰত উত্থাপন হোৱা অভিযোগে ঘটনাক অন্য দিশে ঢাল খুৱাইছে (CM will take stock of triple murder case)।
পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে গোলাঘাটলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে পুৱাই গোলাঘাটত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Golaghat Triple Murder) । হত্যাৰ বলি হোৱা সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতা ঘোষক সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই । সমগ্ৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma meets Golaghat triple murder case victim’s family) ।
গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত ট্ৰিপল মাৰ্ডাৰ ঘটনাত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নৃশংস হত্যাকাণ্ডৰ পাছত মঙলবাৰে গোলাঘাটৰ দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগ ৷ ভুক্তভোগী পৰিয়ালটোৰ কণিষ্ঠ কন্যা অংকিতা ঘোষক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে ৷ অংকিতা ঘোষক সাক্ষাতৰ পিছতে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অজন্তা নেওগে ৷
আনহাতে হত্যাকাণ্ডত পৰিয়ালৰ আন এজন লোক জড়িত আছে বুলি অংকিতা ঘোষে কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে বুধবাৰে সকলো কথা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী আৰু শাহু–শহুৱেৰকক নৃশংসভাৱে হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে ৯ মহীয়া কণমানি সন্তানক লৈ থানাত উপস্থিত হৈছিল অভিযুক্ত নাজিবুৰ। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Golaghat Triple Murder : ফাষ্ট ট্ৰেক আদালতত হ’ব ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বিচাৰ, মুখ্যমন্ত্ৰীৰ মন্তব্য